অতীত লৈ ৰোমন্থন!!
মই নিবিচাৰকৈ
তোমাৰ দুচকুৰ প্ৰেমত পৰোঁ!
অস্পষ্ট হৈ পৰে পৃথিৱীখন,
তোমাৰ হাঁহিৰ ভাজত…….
অকলশৰীয়া ডাৱৰৰ টোপোলা
নিবিৰ আকাশত বিয়পে।

জোনাকৰ পৰিধি হৈ বিচাৰে…
হিম হৈ কান্দে!!!
প্ৰতিটো পুৱা
শৰতৰ শুকান চালত
ওলমে ৰদালিৰ
ৰঙা নীলা সপোনে!!
আৰু ৰোমন্থন কৰে……
শুকুলা মেঘৰ মাজত
লুকাই থকা কত স্মৃতি!!!

Related Posts