আচ্ছন্ন কাদম্বিনীৰ কান্তিময় কাহিলি
কান্তপক্ষী শান্ত হৈ
কুহেলিকাৰ কাব্যকুঞ্জত শোভিত শব্দগুচ্ছ —–
চন্দ্ৰকলাৰ লাৱণ্য লৈ।
কুন্তলাৰ ফুটগধূলি —–
কৰতীয়া মাখিৰ কূদৃষ্টি
পোখালিৰ আগলী নাশ
প্ৰসিদ্ধ আলোক শূন্য
অপ্ৰতিৰোধ্য নিশা
বিবেকৰ ওচৰত অন্ধতামিশ্ৰা
অপ্ৰশুদ্ধ বায়ু গ্ৰাস কৰে কৰৱীৰ
কুসুমজ্যোতি
হেৰুৱাই যায় এটা নতুন সৰুজৰ
দোকমোকালি হাঁহি।
অপ্ৰমাৰ কৰতালি দংসন কৰে
হৃদয়ৰ পষ্পাঞ্জলি!
হেৰুৱাই যায় এটা নতুন
পুষ্প হাঁহি।

Related Posts