মই এগৰাকী দুৰন্ত প্ৰেমিক
তোমাৰ পৰা আজুৰি আনিম
প্ৰেমৰ ফল্গু ধাৰা।
স্নান কৰিব খোজো
বয় পৰা মৰম নদীৰ
চেঁচা চেঁচা জলৰাশিৰ মাজত।
হেৰাই যাম সাগৰৰ বুকুত
গভীৰতাই সাৱটি ল’ব
আকুলতাৰে।
থপিয়াই অনিম দুহাতেৰে
তুমি লুকাই ৰখা
চেনেহৰ সফুঁৰাবোৰ।
মোৰ দেহৰ প্ৰতি ৰক্ত বিন্দুত
বিয়পাই দিম
অণু পৰমাণুৰ ভগ্নাংশ।
সিক্ত শৰীৰৰ ভাঁজে ভাঁজে
লিপিত খাই পৰিব
ভালপোৱাৰ টুকুৰা বোৰ।
সিচঁৰিত হৈ ৰ’ব
তোমাৰ উজ্জ্বলতাৰ
ফাঁকেৰে সৰকি অহা
পোহৰৰ কণিকাবোৰ।।