সৰিয়হ ফুলিলে মোৰ
মনটো বৰ ভাল লাগে
হালধীয়াৰ মাজত চকুত
নতুন কিৰণে গজালি মেলে
ভাগি থকা বীণ খনিয়েও
বুকুত সুৰৰ লহৰ টোলে

দোকমোকালিতে সেতেলি এৰাৰ
কিমানজে টনা আজোৰা
হাড় কপোৱ ঠাণ্ডাৰ মাজতো
পুহৰ এইয়াইটো মাদকতা

Related Posts