প্ৰকৃতিৰ বুকুত নির্দিষ্ট হৈ নামি অহা
তুমি “ৰাতি”জোনাক আঁতৰাই
আন্ধাৰ ৰাতি অহা পোহৰৰ আৱৰণ ঢাকি
তুমি এমুঠি নীৰৱ নিচ্ছুপ আকাৰ হৈ
মৌনতাৰ ভয়,হুংকাৰ, মিঠা অনুভৱ ঢালি
নামি অহা ধৰিত্ৰীৰ পজা লৈ
আন্ধাৰ বিহীন পোহৰ যে অকলশৰীয়া
পোহৰ বিহীন আন্ধাৰো যে অকলশৰীয়া
সংগী হৈছে সৃষ্টিৰ প্ৰেমিক
সেয়ে পোহৰ বিহীন তুমি,তুমি বিহীন পোহৰ
পোহৰক সামৰি চিকিমিকি আন্ধাৰ বব ধৰে
অলপ আন্ধাৰ অলপ পোহৰ মিলি চিকিমিকি সন্ধ্যা হয়
তোমাৰ মিলনত তৃপ্তি আমিও হওঁ
সেই মিলনত আন্ধাৰ আৰু পোহৰ এক হৈ
আমিও হওঁ,অবুজ ভাৱনাৰ মৌনতা ৰৈ….