যাওঁ বুলিয়েই গুছি গ’লা
এবাৰো নাচালা ঘূৰি,
ভাবিও নাচালা এবাৰ
কেনেকৈ জীয়াই থাকিম বুলি।
আজিও ৰৈ থাকোঁ খিড়িকী কাষত
চাই ৰওঁ পদূলিলৈ
কিজানিবা ঘূৰি আহাই তুমি।

আজিও ৰৈ ৰৈ বাজে
তুমি কোৱা প্ৰতিটো কথা,
লগ পোৱাৰ প্ৰতিশ্ৰুতিৰ বন্যা।
নীৰৱে বৈ যায় অশ্ৰু দুধাৰী
কিয় এনে কৰিলা তুমি।

এৰিয়েই যদি যোৱাৰ কথা আছিল
আহিছিলা নো কিয়
চিঙি ভাঙি থৈ যাবলৈ
মোৰ কলিজা খন!

বিদায় পৰৰ চকুলো খিনি তুমি নেদেখিলা।
পৰ্দাৰ আঁৰত লুকুৱাই ৰখা মোৰ বিনানি খিনিও তুমি নুশুনিলা।
কিয় মই নিজকে লুকুৱাই ৰাখিছিলোঁ জানিবও নুখুজিলা।
নে সকলো জানিও নজনাৰ ভাৱতেই গুচি যাম ভাবিছিলা।

সেইদিনা তোমাৰ মুখৰ অভিবক্তি মই বুজিব পৰা নাছিলোঁ,
নহলে মই নিশ্চয় সুধিলোঁ হয়
তোমাৰ মনৰ অন্তৰদণ্ডৰ কথা।

সময়বোৰ গৈ আছে,
আৰু মই স্থবিৰ হৈ গৈ আছোঁ।

আজি মই “মা” হ’ম!

সন্তানটোক পিতৃ পৰিচয় কি দিম?
ক’ম নেকি যে
পিতৃ এজন দাগি অপৰাধী, পলাই ফুৰিছে লোক নিন্দাৰ ভয়ত;
নে মৃত্যু হ’ল বুলি;
নে এজন বিশ্বাস ঘাটক বুলি।

তোমাৰ পৰা উত্তৰ বিচৰা নাই ;
মোৰ মনটোক ভাল লাগাবলৈকেহে সুধিছো মাত্ৰ ।
আশা কৰোঁ সদায়
তুমি ভালে থাকা
সময় পালে ঘূৰি আহিবা
এদিন
চাই যাবা তোমাৰ এসময়ৰ প্ৰেৰসীক
কি দৰে জীয়াই আছোঁ!

Related Posts