প্ৰেমৰ কবিতা লেখিবলৈ বহিলো
শব্দবোৰে দেখোন দূৰলৈ ঢাপলি মেলিলে
প্ৰেমক কলো,
মোৰ হৃদয়ত থিতাপি লোৱা
মই শব্দৰধাৰা হৈ
তোমাক নিগৰাই যাওঁ
প্ৰেমে কল,
মোক স্বৰ্গীয় অনুভূতি জগোৱাচোন
মই তোমাক শব্দৰ লয়লাসত
উটিভাঁহি ফুৰাম
মই কলো,
মোক আজীৱন সংগীৰ বিশ্বাস দিয়া
মই হৃদয়ৰ কোঠালিত ৰাখি
স্বৰ্গোতৃপ্তি জগাম
প্ৰেমে কলে,
বিশ্বাস সৃষ্টি হোৱা অনুভৱহে
ইয়াক বা মই দিও কেনেকৈ
বিশ্বাসে দৃঢ়তাৰে মাত লগালে,
আহা আমি লগ হওঁ
দুয়োয়ে মানৱ শৰীৰত প্ৰৱেশ কৰি
অনাবিল তৃপ্তিৰে
সুখৰ সংসাৰ গঢ়োঁ।