বেছিকৈ নকওঁ তোক,
নহ’লে নমৰিব পেটৰ ভোক।
মনৰ প্ৰত্যাশা সুখৰ হ’বি তই
পুৰণিৰ সুৱৰণিত লাগে বৰ ভয়।

ধনীবোৰৰ বিনোদন বাহিল।
গৰিবৰ আকাংক্ষা আহিল।
পাৰ হৈ গ’ল, বছৰ একোটা।
২০২০ টো সৰ্বত্ৰে মুধা ফুটা।

কৰ’না মহামাৰীৰ প্ৰাদুৰ্ভাৱ।
বিশ্বত নৱ ভাইৰাছৰ আবিৰ্ভাৱ।
সামাজিক দূৰত্বই তাগিদা দিছিল।
বহুজন মনৰপৰা দূৰলৈ গৈছিল।

২০২০ অতীতৰ ক্ষণত বিলীন হ’ল,
দাৰ্শনিক, জ্ঞানী ব্যক্তি হেৰাই গ’ল
নৱবর্ষত,সৰ্বত্ৰে লাগে ঐশ্বৰিক শক্তি।
সুখৰ হ’ব নৱবৰ্ষ নিবেদিছোঁ ভক্তি।

সর্বাংগ সুন্দৰ হ’ব সমগ্ৰ বিশ্ব।
প্ৰত্যাশা ২০২১, প্ৰত্যাশা ২০২১।

Related Posts