ঘোষিত বা অঘোষিত
প্ৰতিযোগিতাৰ মাজত
বন্দী আজি আমাৰ জীৱন

জ্ঞাতে বা অজ্ঞাতে
আমি ধাবিত হৈছোঁ
সীমাহীন প্ৰতিযোগিতাৰ ফালে

ভাল বা বেয়া
চোৱাৰ সময় নাই
মোৰ কাষৰ জন দৌৰিছে
মইও দৌৰিছোঁ

প্ৰকৃতিৰ নিয়ম চিঙি
আমি বাউল হৈছোঁ
আমাক ৰক্ষা কৱচ প্ৰকৃতিক
নিজ হাতেৰে ধ্বংস কৰিছোঁ

অনন্ত প্ৰতিযোগিতাত
নিজকে শ্ৰেষ্ঠতম বুলি
জাহি কৰিবলৈ নিকৃষ্ট পথ ল’বলৈ
কুণ্ঠাবোধ কৰা নাই

কাৰোবাৰ বুকুত আঘাত সানি
কাৰোবাৰ বুকুত জীয়া জুই জ্বলাই
অতহাস্য কৰিছোঁ

আমি কেৱল দৌৰিছোঁ
দৌৰিছোঁ … দৌৰিছোঁ…
আমাৰ সম্মুখত কেৱল
প্ৰতিযোগিতাৰ দৌৰ

Related Posts