কৃষক হৈ কৃষক ধৰ্ম জলাঞ্জলি দি
কিয় কৰিলা উপদ্ৰৱ উৎপাত উন্মাদনা?
আহিছিলা মহাত্মাৰ অহিংসা আদৰ্শৰে
নিজৰ অধিকাৰ অভ্যৰ্থিত কৰিবলৈ
পিচে অহিংসা আদৰ্শ পৰিহাৰ কৰি
কিয় গ্ৰহণ কৰিলা হিংসা নীতি ?
গণতন্ত্ৰ দিৱসৰ শুভক্ষণত
কিয় কৰিলা অগণতান্ত্ৰিক কাৰ্য্য?
নিজ দেশৰ তিৰঙ্গাত
নিজ দেশৰ সন্মানত
নিজ দেশৰ আত্মাত
কিয় কৰিলা আসুৰিক আঘাত?
এয়া জানো লালা বাহাদুৰ শাস্ত্ৰী য়ে সন্মান কৰি যোৱা
“জয় কিষান ”ৰ কাৰ্য্য হয়নে?

Related Posts