প্রকৃতিৰ দাসত্বত
মানুহৰ গতিশীল জীৱনবোধ ।
মানুহৰ জীৱন গাঠা
দাসত্বৰ এনাজৰীৰে বান্ধ খাই থাকে
বিশাল আকাশৰ চিলাখন হৈ ।
জীৱন আলোকিত কৰাৰ হেঁপাহবোৰ
প্ৰকৃতিৰ বুকুত বিচাৰি পাওঁ ।
জীৱনৰ গতিশীলতা আনে
ধৰিত্ৰীৰ সেউজীয়া ৰূপে ।আশাবোৰ পুৰঠ হয়
অপৰূপ ধৰিত্ৰীৰ বুকুত
আমি মানুহ ?
নদ- নদী পাহাৰ ভৈয়াম সকলোতে
আমি সভ্যতা সংস্কৃতি বিচাৰি পাওঁ ।
অৰণ্যত জনাৰণ্য গঢ়া মানুহ আমি
বোৱতী নদীৰ বক্ষ বিদাৰি
জীৱন গতিশীল কৰাৰ সপোন দেখো ।
যাদৱ পায়েঙৰ দুচকুৰ বন্যাত।
এদিন বালি চাপৰি সেউজীয়া হল ।
সেউজীয়াবোৰ গাড় হলে
আশাবোৰ বাস্তৱ হব ।
ধৰিত্ৰীয়ে নিৰ্মল উশাহ ললে
জীৱনবোৰ গতিশীল হব ।