ফাগুন-ফাগুন,
এচাটি ধূলিময় বতাহৰ,
বলিয়া ফাগুন।
মনৰ মাজত যে বলিছে,
উত্তাল প্ৰেমৰ,
এচাটি বতাহ।
ফাগুনে দিয়ে আহি,
মোক তোমাৰ বতৰা।
কলিয়া ডাৱৰে
আৱৰি ৰখা,
মন।
ফাগুনে আহি ,
দিয়েহি প্ৰেমৰ চিঠি খন।
পলাশৰ ৰঙে ,
প্ৰেমৰ বাৰ্তা,
চতিয়াই,
ফাগুনে আহি,
মোৰ হিয়াত,
এবুকু মৰম জগাই।
ৰৈ আছো তোমাৰ বাবে মই,
ফাগুনতে,
আহিবা চাগৈ,
ৰঙা,
গোলাপৰ ফুল লৈ।
ফাগুন-ফাগুন,
প্ৰেমৰ নানা ৰঙীণ,
সপোন।
ফাগুনৰ পছোৱা বতাহ,
মনৰ মাজত যে প্ৰেমৰ উন্মাদনা,
ফাগুনে আহি দিয়েহি তোমাৰ বতৰা।
পছোৱা বতাহ জাকে আহি কৈ,
তুমি পদূলিমুখতে আছা ৰৈ।
তোমাৰ আলিঙ্গনৰ অপেক্ষাত,
ভাগৰুৱা হৈছে মন।
ফাগুনৰ বতাহ জাকে,
ফুল -পাত
চতিয়াই,
তোমাক কৰে স্বাগতম।
ফাগুন-ফাগুন,
বলিয়া ফাগুন,
প্ৰেমৰ হেজাৰ,
সপোন।