তোমাৰ অস্তিত্বৰ অবিহনে
বাস্তৱ ফুলনিত পৰিপূৰ্ণতাৰে
নুফুলে কুসুমিত ফুল।
তুমি বহু কথা নুবুজাকৈ
চৌদিশে চিতিয়াই নলবা
ব্যৰ্থ জোনাক।
এবাৰ বিশ্বাসৰ অৱকাশে
বিচাৰি চাবাচোন
আপোন ভাৱৰ
সমন্ধ বোৰত
হয়তু পাব পাৰা
মনে বিচাৰি ফুৰা
আলোকিত পৰিশুদ্ধতা।
জীৱনত বুজিৱ নোৱাৰা
কথাবোৰ অজ্ঞাতে ৰাখি
অনুভৱৰ যন্ত্ৰণাবোৰ
জঞ্জালত হেৰাই
যাব নিদিবা।
উৎসাহ উল্লাসেৰে ভৰাই
সুন্দৰ মুহূৰ্ত্তৰ বুনিয়াদ গঢ়ি
অবিৰাম বিলাই দিয়া
সৃষ্টিৰ অৱধাৰাৰে।
চাবাচোন তেতিয়া দেখিবা
বিৰহৰ বিষাদ গ্ৰস্ততাবোৰ
অশ্ৰুৰ যন্ত্ৰণাবোৰ হ’ব
কালৰ গতিত বিলীন।