অস্ত যোৱা বেলিটিয়ে দি যায়
উদয় হোৱাৰ প্ৰতিশ্ৰুতি
আত্মাও শৰীৰ সলাই ন-ৰূপ লয়
ঘড়ীটিয়েও ১২ ৰ পৰা ১২ লৈ ঘূৰে
তেন্তে এটা বছৰনো ক’ত শেষ হয়?
মাথোঁ পৰিবৰ্তন হয় নতুন এটি সংখ্যাৰ।
Year: 2021

নিষ্ঠুৰ বাস্তৱক
আওকাণ কৰি
তোমাৰ পৰা তাই
আঁতৰি আহিলে,
ৰূঢ অতীতক
ভৰিৰে গচকি
নতুন পথৰ
সন্ধানত নামিলে।

কবিতাৰ ক টোও অনুভৱ
নকৰা দেউতাই সেইদিনা এটি
কবিতা লিখিছিল,হেৰুওৱাৰ কবিতা
বুকু উদং হোৱাৰ কবিতা

ধুলিমাকতিৰ লগত খেলি খেলি
জীৱনটো কটাওঁ মই প্ৰকৃতিক আপোন কৰি
সুখ, দুখেও প্ৰভাৱিত নকৰে
দিন ৰাতিৰ পাৰ্থক্যও হৃদয় নুচুৱে

নাৰী শব্দতেই লুকাই আছে
মমতা, সৌন্দৰ্য, সাহসআৰু ত্যাগ।
মই নাৰী সৃষ্টিকৰ্তাৰ সৃষ্টিৰে
মই এগৰাকী নাৰী
শক্তিৰ আধাৰ স্বৰূপা।

নিয়ৰৰ টোপালৰ দৰে
হেঁপাহৰ আবিৰ সনা আশাবোৰ,
কচুপাতত ৰৈ নাথাকিল।
ওৰে নিশাটো উজাগৰে ৰ’লো
অসহায় জোনটিৰ দৰে
নিঠৰ ,নিৰৱ,নিস্তব্ধতাৰে।

মোৰ অনুভৱৰ দলিচালৈ
তুমি মন গ’লেই আহিবা।
আহিনৰ গেৰুউলি ধানৰ সুবাসে ভৰা
মোৰ শেৱালী ফুলৰ দলিচা।

মই এজন পথিক
ঘূৰণীয়া পৃথিৱীত ঘূৰো মই
দিনে ৰাতি,
মই পথাচাৰী