ৰূপ ৰস গন্ধ স্পৰ্শ
নিত্য ভ্ৰমবিলাস প্ৰলুব্ধতাৰে উন্মত্ত
মুমুক্ষুতা পৰিব্যাপ্ত জীৱনলৈ
যদি অত্যাকল্পকালেও নেনামে দেৱত্ব

ৰূপ ৰস গন্ধ স্পৰ্শ
নিত্য ভ্ৰমবিলাস প্ৰলুব্ধতাৰে উন্মত্ত
মুমুক্ষুতা পৰিব্যাপ্ত জীৱনলৈ
যদি অত্যাকল্পকালেও নেনামে দেৱত্ব
পুৱাতেই দেখিলোঁ
শুকুলা চাদৰখন মেৰিয়াই
আইয়ে ৰ লাগি আছে জপনাৰ মূখত
নিঃশব্দে নিৰৱে কাষত ৰলো,
ভবা নাছিলো কাহানিও মই
তই যে এৰি থৈ যাবি
অকলে মোক অথাই সাগৰত৷
এতিয়া আছো মই অকলে
কেকুঁৰিটোৰ কাষত
জোপোহানিটোৰ আঁৰত দেখিলোঁ
কুঁৱলীৰ ফাঁকে ফাঁকে
এজাক কাউৰীৰ চিলমিলীয়া টোপনি!
কোন দিশে ঢাপলি মেলিছে
অসমীয়া ভাষা সংস্কৃতি
অনুভৱে মোৰ বুকুত বিন্ধিছে
কি ৰূপ লব এদিন নিজৰ সংস্কৃতি
হেৰাইছে আপোনতাৰ ভাৱ
কবিতা নিলিখোঁ আজি!!
এখন ছবিকে আঁকিম।
প্ৰশান্তি, পবিত্ৰতাৰে ভৰা
এখন পৰিস্ফুট ছবি।
এখন আন্দোলনৰ ছবি।
নিলিখোঁ মই প্ৰেমৰ
হৃদয়ভগা কবিতা!
শব্দবোৰে মূখথেঁকেচা খাই
হুৱাদুৱা লগাব;
শীতৰ কুঁৱলীৰ আবেশত
মোৰ মৌন হৃদয়ৰ তন্ময়তা
ভাঙি ভৰি পৰে পুঁৱাৰ
সোনালী কিৰণৰ হেঙুলীয়া
আভা মোৰ মন মগজুত।