জীৱনটো যেন এক ভেলাঘৰ!
যিদৰে কাঠী-কামি ,তমাল-মাৰলি
খুঁটা বাঁহ দুৱাৰ খেৰ-বেৰ খিড়িকী
ঠিক তেনেদৰেই মানুহৰ কংকাল বা জঁকা
চকু-মুখ নাক-কাণ ,মাংস তেজ ,শিৰা-উপশিৰা

জীৱনটো যেন এক ভেলাঘৰ!
যিদৰে কাঠী-কামি ,তমাল-মাৰলি
খুঁটা বাঁহ দুৱাৰ খেৰ-বেৰ খিড়িকী
ঠিক তেনেদৰেই মানুহৰ কংকাল বা জঁকা
চকু-মুখ নাক-কাণ ,মাংস তেজ ,শিৰা-উপশিৰা
ক’ত মোৰ সেই সপোনৰ বালিচৰ
আয়ে-বোপায়ে সাজি দিয়া হেঁপাহৰ ভেলাঘৰ!!
ক’ত জুইক আগুৰি তাহানিৰ উৰুকাৰ ভোজভাত..
ক’ত হেৰাল ভাই-ভনী- আত্মীয়-স্বজনৰ এষাৰি মৌমিঠা আকুল মাত!!
আদৰৰ ভোগালী উৎসৱে
সকলোকে কুশল মঙ্গলে ৰাখক
তাকেই কৰিছো কামনা।
ভোগালী উৎসৱৰ আনন্দ উল্লাসে
প্ৰীতি ভোজৰ সুৱাদৰ জুতিৰে
জুৰাই যাওক মন সৰোবৰক।
আহিছে বিহু ভোগালী,
কুঁৱলীৰ আচ্ছাদন ফালি।
সাজো গাওঁ,নগৰ, চহৰৰ ডেকা,
গাভৰু, বোৱাৰী সকলো সাজো
আনিব ভোগালীক আদৰি।
অসমীয়াৰ হিয়াৰ আমঠু
বিহু তিনিটি
পাতি যাওঁ আহাঁ আমি
পুৰণিকলীয়া সংস্কৃতি;
ক’ত হেৰাল
উদূলি মুদুলি ঢেঁকীৰ শব্দৰ
পুহৰ আবেলিৰ
ভোগালীৰ ওলগনি ,
ক’তবা হেৰাল
উচাহ আৰু প্ৰেমৰ
নৱ প্ৰকাশ,
ফৰকাল মাঘৰ মাহ
ফৰকাল মনৰ নীল আকাশ।
অতি হেপাহৰ ভোগালী বিহুটি
চাওঁতে চাওঁতে পালেহি পদূলি
ভোগৰ অনেক সম্ভাৰ যাওঁ গৈ বিচাৰি
জহা বৰা মাহ তিল আৰু বাছমতী