জ্যোতিৰ জ্যোতিৰূপা জ্যোতিময় জ্ঞানকৃত
জ্ঞানদীপ্ত সুৰম্য সুৱাসী সুষমামণ্ডিত
সৰ্বাঙ্গসুন্দৰ শৈল্পিক সুন্দৰ কৃৰ্তী
ৰমনীয় মহত্ত্বম কাব্যকলা সমন্বিত
নান্দনিক সুকুমাৰ কৃষ্টিৰ মুষল বৃষ্টিৰে
মহান মৰ্যদাপূৰ্ণ গাম্ভীৰ্যময় অব্যৰ্থ অনিৰুদ্ধ
অনৱচ্ছিন্ন অক্ষয় মৃত্যুঞ্জয়ী শক্তি

Read More

বন্ধুত্বৰ আত্মাই আত্মিক সহযোগীতা
ৰমনীয়তাৰে নিৰবধি প্ৰৱাহমান য’ত
সুন্দৰ শৈল্পিক তৰঙ্গযুক্ত মায়াময় বাস্তৱতা
অস্তসূৰ্য্যৰ বক্ষত চিৰন্তন দেদীপ্তমান
সত্য নিষ্ঠ আস্থা প্ৰসাৰী

Read More

একাজলি প্ৰেমৰ খোজত খোজকঢ়ি
সদ্যস্নাতা মইজনী
জপিয়াই জপিয়াই দুৰ্বাৰ ক্লান্তিহীন
বতাহৰ কোৱত দাঙ খাই খাই
উৰিছো এঠাইৰ পৰা আন ঠাইলৈ।

Read More

বাপতি সাহোন চেনেহৰ মাঘৰ বিহুটি আদৰাৰ নিমিত্তে ৰিমিয়ে পিঠাপনাবোৰ সামৰি ভাগ ভাগকৈ সজাই পৰাই ভৰাই থৈ দিলে৷ হঠাৎ হৈচৈ লাগিল। পদূলিমুখলৈ বুলি ৰিমিয়ে খৰখেদাকৈ গৈ দেখিলে ৰাস্তাত মানুহ জমা হৈছে। হুলস্থূল পৰিৱেশ। মানুহবোৰ দৌৰাদৌৰি কৰিব ধৰিলে৷ কোনোৱে ক’লে মূৰত পানী অকণ দে ৷বহুৱাই আউজাই ধৰ তাক৷ ৰিমিৰ বুকুখন ধপধপ কৰিব ধৰিলে৷ কাৰবাৰ যে কিবা এটা হৈছে ৰিমিৰ বুজিব বাকী নাথাকিল৷ সেয়ে তাই ভীৰৰ মাজলৈ আগুৱাই গৈ দেখি এটি চিৎকাৰ কৰি অচেতন হৈ পৰিল৷

Read More

বিদ্যা অবিদ্যা সত্য অসত্য কৰ্ম অকৰ্ম
সুন্দৰ অসুন্দৰৰ বিশুদ্ধ ধাৰণাই ধৰ্ম
ধৰ্ম ধৰ্ম বুলি উদ্ভ্ৰান্ত হ’লেই নহ’ব
ধৰ্ম আৰু ধৰ্ম জ্ঞানৰ
আকাশ পাতাল পাৰ্থক্য

Read More

পদূলিত উখলমাখল ভোগালীৰ আখৰা৷
ঢেঁকীৰে চাবত কঁপে লাহী কঁকালৰে ভাঁজ
জুৰুলিজুপুৰি কৈ তিতিছে ৰিহা আঁচলৰে আগ৷
চিৰা, পিঠা, লাৰু, মুৰি মহৰে আঠা দৈ ৷
চুঙা পিঠা, ঘিলা পিঠা, তিলৰে পিঠা লৈ
আদৰিমে মাঘৰে বিহুক পৰিয়ালৰ মাজতে ৰৈ৷
মাটি মাহৰ সোৱাদেৰে,মিঠা আলুৰ মিঠাৰে,বকুল বৰা ধানৰ জলপানৰ আঠাৰে,
কণজহা চাউলৰ ভাতৰে সুগন্ধি সুৱাদ লৈ৷

Read More