তুমি সাগৰৰ গভীৰতা জুখিব পৰা
তাৰ মানে এইটো নহয়
তুমি মোৰ ভাল পোৱা জুখিব পাৰিবা
Year: 2021

বিয়াৰ আগত
প্ৰেমবোৰ হয় সাগৰৰ দৰে অতল,
ভালপোৱাবোৰ হয় গোলাপৰ
পাহিৰ দৰে মোলায়েম,

তুমি সূৰ্য্য
তুমি সুন্দৰৰ পূজাৰী
তুমি জ্ঞান জ্যোতিষ্ক
তুমি ৰূপ কোঁৱৰ
তুমি মহা কলাকাৰ

অ’ পাহাৰ!
তোৰ ৰূপ দেখি
দুঃখ লাগি যায়;
তোৰ আগৰ বিনন্দীয়া ৰূপ
সমূলি নাই |

কোনো দিন ধুমুহাক সোধা নাই,
লগত আবেগ কিয় আনে সদায়?
বিজুলীক এদিনো সোধা নাই,
পোহৰ লগত লৈ,
কোন বাটেদি গুছি যোৱা তুমি!

অভিসাৰিকা মই,
জীৱন বন্দী ৰঙীন স্বপ্ন নগৰীত,
এপিয়লা সুৰাৰ ৰাগিত,
পাহৰিলোঁ এৰি অহা কোমল জীৱন।