গুৱাহাটীত থকা পুতেক হেমন্তই কেইদিনমান আগতে আহি মাকক লৈ গ’লহি নিজৰ লগতে ৰাখিম বুলি। বহু দিনৰ পৰাই ভাবি আছিল অকলে থকা মাকজনীয়ে সিহঁতৰ লগত থাকি অন্ততঃ অকলশৰীয়া অনুভৱ নকৰিব।
Year: 2021

এটুপ এটুপকৈ কপালৰ ঘাম মাটিত পেলাই
এমুঠি পোৱাৰ আশাৰে
শুকান ঠৰঙা পথাৰখনিত হাল নাঙলৰে
তৈয়াৰ কৰিলো বোকা মাটি

সপোন সপোন লগা এটি পৰিবেশ
মোৰ হাতত এখন কিতাপ!
কিতাপখনৰ লিখক মইয়েই!
মোৰ এখন কিতাপ ওলাব,

এক অনামী শিল্পীৰ প্ৰেমত পৰিছো
আকৌ এবাৰ
তুলি লৈছো আকৌ এবাৰ বুকুৰ ৰক্ত কনিকা
বিয়পাব বিচাৰিছো পৰিস্কাৰ হৈ থকা
বগা দিস্তাজোৰা কাগজৰ পাটত তেজৰ ৰং তুলিকা

এবুকু প্ৰেমলৈ আঁহাচোন কাষলৈ
ফূলাই তোলা এই নীৰস পৃথিৱী
তৃপ্ত কৰা মোৰ উৎকলিত উতপ্ত হিয়া
বোৱাই অমৰ প্ৰেমৰ অমিয়া মাধুৰী

হাত বাউলি মনে মোৰ আজি
উলাহত নাচিছে
বহু অপেক্ষা সাঁতোৰি আজি
নয়নে পাৰ দেখিছে!

সুনীল আকাশৰ সেউজীয়া সুৱাস
আকুল ব্যাকুল আত্মা আধাৰিত
পৰমাত্মাৰেই পৰমাত্মিক প্ৰণয় প্ৰদীপ্ত
বৰ্ণিল প্ৰকাশ

পুহ-মাঘৰ সংক্ৰান্তিৰ ক্ষণত ভোগালী আহিলে–
পথৰুৱা নৰা দাই মেজিঘৰ সাজি নিশা লগেভাগে তৃপ্তিৰে খালে মোৰদেশৰ মানুহে

মহান আত্মাৰ অধিকাৰি হৈ
হে মহান শিল্পী !
কৰিলা সকলোৰে
অন্তৰ জয়|

সৃষ্টিৰ গৰ্ভত গৰ্ভৱতী নাৰী তুমি
পুৰুষৰ বাহুৰ বন্ধনত কঠিয়াৰ কোঁহ-
ন-মাহ,দহদিন তোমাৰ গৰ্ভত পুৰঠ হ’য় জীৱন-
যান্ত্ৰনাৰ ছেদ ফালি আকাশ দেখে!