মই তোমাৰ শৰীৰত
কেৰেলুৱাৰ দৰে
বগাই গৈছিলোঁ।
তোমাৰ দেহৰ
প্ৰতিটো ভাঁজত
জুখিছিলো
উঠা নমাৰ গভীৰতা।

মই তোমাৰ শৰীৰত
কেৰেলুৱাৰ দৰে
বগাই গৈছিলোঁ।
তোমাৰ দেহৰ
প্ৰতিটো ভাঁজত
জুখিছিলো
উঠা নমাৰ গভীৰতা।
সপোন সনা
দুচকুত পঢ়িব খোজো
ছন্দোৱদ্ধ কবিতাৰ
পংক্তিৰ ৰসাল
আৱেগবোৰ।
কোনে কয় মোৰ সপোন নাই!!
তুমি নোহোৱাৰ দিন ধৰি
মোৰ সপোনবোৰেচোন ন-ৰঙেৰেহে পোখায়…
তুমি আৰু মই,
প্ৰেম উপচা মধুবনত।
নীলিম আকাশৰ তলত,
বহিছিলোঁ লুইতৰ পাৰত।
সৰ্বিকল্প সমাধি অতিক্ৰমি
নিৰ্বিকল্প সমাধিত যিকৰে পূৰ্ণ অৱস্থান
অন্তৰ্বাহ্য সবাতে দৰ্শন কৰে অনন্ত পূৰ্ণব্ৰহ্ম
অবিশ্ৰান্ত দিব্য অমৃত ধাৰাৰে বয়
প্ৰদীপ্ত ব্ৰহ্মজ্ঞান
গোমা আকাশৰ
কলিয়া ডাৱৰ ফালি
কাঁচিয়লি ৰদে পোহৰ মেলিছে।
সুকুমল হৃদয়ত ওপজে ,
আবেগৰ গভীৰ অনুভৱ।
এদিনো জুখি চাব পৰা নাই,
অনুভৱ কিমান মধুৰ!
প্ৰতি নিশ্বাসত পলে পলে দেখা মই পাওঁ
কেঁচা আলিৰ দাঁতিত
অচিনাকী মানুহৰ
মৃত দেহ
জ্ঞানপ্ৰলুব্ধ তত্ত্বসূৰ্য্যপ্ৰেম অন্বেসী জন
মধু মাখিৰ দৰেই অত্যন্ত প্ৰলুব্ধ
কৰ্মকুশল কাৰ্যদক্ষ তত্ত্বজ্ঞ পাণ্ডিত্যপূৰ্ণ
অনাসক্ত ধাৰ্মিক গুৰু অবিহনে