তুমি বাৰু কেতিয়াবা
মানুহক ভাল পোৱাৰ
মানসেৰে জোনাকৰ
সৈতে খেলিছানে?

তুমি বাৰু কেতিয়াবা
মানুহক ভাল পোৱাৰ
মানসেৰে জোনাকৰ
সৈতে খেলিছানে?
ঘোষিত বা অঘোষিত
প্ৰতিযোগিতাৰ মাজত
বন্দী আজি আমাৰ জীৱন
জ্ঞাতে বা অজ্ঞাতে
আমি ধাবিত হৈছোঁ
মই তোমাৰ সৈতে
সহবাস কৰিছোঁ
তোমাৰ প্ৰতিটো
উশাহৰ সৈতে
মিলি গৈছো
বাৰে বাৰে।
নিশা আকাশত
অযুঁত তৰাৰ ধেমালি দেখি
মোৰ আকাশ চুবৰ মন।
নিজান ৰাতি
সপোন দেখিছো
কাৰেঙ ঘৰ সাঁজিছো
ধৰ্মশাস্ত্ৰ বাখ্যা
মাথোন পুখুৰীৰ পুঠি মাছৰ চেলচেলনি
ৰিক্ত য’ত যোগাত্মক প্ৰেম প্ৰজ্ঞাৰ
পৰমাৰ্থিকতা নিহিত পৰমাত্মিকতা পৰিব্যাপ্ত
অখন্ডমণ্ডলমণ্ডিত অনন্ত সূৰ্য্যৰ উতপ্ত দীপ্তি
এটি এটি কৈ সৰি পৰিল
মোক আকলুৱা মৰমৰ গোলাপৰ পাহি।
ভৱা নাছিলোঁ মোৰ আলসুৱা গোলাপৰ পাহি বোৰ,
অকালতে মৰহি যাব বুলি।