(১)
ফাগুনৰ বলীয়া পছোৱা ঐ, ক’লৈ যোৱা ।
লঠঙা গছৰ তলত ৰই আমনি লাগিছে,
যাওঁতে ল’গ পালে কৈ যাৱা
প্ৰিয়তমাক কথাটি।
(২)
হালধীয়া সৰাপাত আৰু ধূলিকণা ঘোৰ শতৰুৰ
বাধাৰ প্ৰাচীৰ নিমিষতে ভাঙি পাৰ হৈ যোৱা।
দিয়া মোক এই শক্তি,
বান্ধি ৰাখিবলে মৰমৰ এনাজৰী।
(৩)
তেজৰঙী মদাৰ শিমলু পলাশৰ ফুলে
লঠঙা ডালত ৰই তোৰ তালে তালে নাচি
প্ৰকৃতিৰ নিৰাশ মনৰ শেতাঁ ওঁঠত হাঁবিৰিঙাইছে।
মই জানোঁ পাৰিমনে?
(৪)
পছোৱা ঐ,শিমলু তুলাক লগত লৈ পাহাৰ ভৌয়ামত
নাচি বাগি ফুৰিছা।
হেপাহ মোৰোঁ, অচিন ঠাই ফুৰাবলৈ,
কাষত বহুৱাই মনৰ কথা পাতিবলৈ।
(৫)
সপোন ভাঙিব, জীৱনৰ ৰংবোৰ হেৰাই অস্থিত্বহীন হ’ব।
মাতাল দুনিয়াই হাত বাউলী মাতিব।
সকলো ওৰ পৰিব, অঞ্জু হেৰাই গ’লে।
ফাগুন তয়োঁ ছাগে ৰিক্ত পছোৱাৰ অবিহনে?
(৬)
গছৰ কুমলীয়া পাতৰ আঁৰত ৰই ৰই,
বহাগীৰ আগমনৰ বাতৰি, পাহাৰ ভৌয়ামলৈ গৈ,
লাজুকী কুলিয়ে দিয়ে।
পছোৱা ঐ,মোৰ মনৰ অনাখৰী কথাবোৰ ক’লো
ল’গ পালে প্ৰিয়তমাক ক’বা।
(৭)
বেলি লহিয়াই গ’ল, ছাঁটোও দেখা নাই।
যাগে পছোৱা!
ল’গ পালে কথাটি কবলৈ নাপাহৰিবা।