জলবায়ু পৰিৱৰ্তনৰ পটভূমিত
গোলকীয় উষ্ণতাৰ বৃদ্ধি,
সদায় নতুনকৈ উদ্ভৱ
সংক্ৰামক ৰোগ ব্যাধি।
বিগত দশকৰ ভিতৰতে
অভূতপূৰ্ব পৰিৱেশ পৰিৱৰ্তন,
মানৱ সঞ্চালিত কৰ্মকাণ্ডত
অৱিৰত বনাঞ্চল ধ্বংসীকৰণ।
ক্ৰমান্বয়ে হ্রাস পাইছে
বন্যপ্ৰাণীৰ বিচৰণক্ষেত্ৰ,
লোভ-আগ্ৰাসনত আৰম্ভণি
অস্তিত্ব সংকটৰ চলচ্চিত্ৰ।
মানুহৰ প্ৰকৃতিবিৰোধী কাৰ্যত
অত্যধিক আত্মঘাটি অস্ত্ৰ-শস্ত্ৰ,
ভৱিষ্যত মহামাৰীৰ আশংকা
বিশৃংখল ধৰণীৰ পৰিৱেশতন্ত্ৰ।