আধালেখা কবিতাবোৰ
মনৰ কোঠাত
সাঁচি ৰাখিছো
সযতনে।
কেতিয়াবা কুটিব খোজে
দুষ্ট নিগনিয়ে
আহাৰ বিচাৰি
ঘুৰি ফুৰে পিটপিটাই।
বহু কবিতা সঞ্চিত হৈছে
মনৰ মণি কোঠাত।
জীৱনৰ কবিতা
সমাজৰ কবিতা
দেশৰ কবিতা।
ভণ্ড ৰাজনৈতিক নেতাৰ
বহুৱালি
ক’লা বেপাৰীৰ দপদপনিত
পিষ্ট জনতাৰ
কাৰুণ্যতাৰ ছবিৰ কবিতা।
দৰিদ্ৰ কৃষকৰ উৰুখা পঁজাত
জ্বলি থকা টিপচাকিত
সপোন দেখা
সিক্ত চকুযুঁৰিৰ কবিতা।
গৃহহাৰা-বস্ত্ৰহীন
অঘৰী ভিক্ষাৰী জনৰ চকুত
জ্বলি থকা অগ্নি স্ফুলিঙ্গৰ
কবিতাবোৰ ।
অসহায় দুৰ্ভগীয়া ভনীজনীৰ
দেহৰ সোৱাদ লোৱা
কাপুৰুষৰ কুটিল হাঁহি
আৰু ভনীজনীৰ
নি:সহায় চাঁৱনিত
উপঙি ফুৰা কবিতাবোৰ।
লিখা নহ’ল এইবোৰ
কাৰণ—-
শব্দৰ শিকঁলিবোৰ
চিঙিব নোৱাৰো
ভাঙিব নোৱাৰো
লেতেৰা ৰাজনীতিৰ
প্ৰাচীৰ ।
কিন্তু—–
জন্ম হ’বই এদিন
অন্য এক নেলছন মেণ্ডেলা
কাৰাগাৰৰ লৌহ প্ৰাচীৰ ভাঙি
ওলাই আহিব
জনতাৰ জয়গান গাবলৈ
মুকুতিৰ পথৰ সন্ধান বিচাৰি।