৩৬৫দিনে এটা বছৰ
ওৱালত আৰিথোৱা ঘড়ীৰ
কাটাৰ দৰে অবিৰাম গতিৰে
আগবাঢ়ে সময়ে।
অন্ত হয় এটা দিনৰ
ডায়েৰীৰ পাতত লিখিৰখা
হয় হৃদয়ৰ শব্দবোৰৰ।
ডায়েৰীৰ প্ৰতিখিলা পাতত
লিপিবদ্ধ হয় বছৰটোৱে
দিযোৱা ঘাট-প্ৰতিঘাট,সুখ-দুখ
হাঁহি-কান্দোনৰ সমাহাৰ।
আৰু
কেইঘণ্টামানৰ পিছতে
পুৰণিক বিদায়ৰ ক্ষন সমাগত।
পিছে,
কেনেকৈনো পাহৰো ব্যৰ্থতাই
কোঙা কৰা দিনবোৰ।
যি দিনত আছিল
“কা”আন্দোলন
চাৰিওফালে “কৰোণা” বিভিষিকাময় পৰিবেশ।
পাহৰি পেলাইছিলো পৃথিবীৰ
ঠিকনা।
নিয়তিৰ নিৰ্দেশত গৈ থাকে
সময় চকৰি।
এনেকৈয়ে আহি পৰে
এটা নতুন বছৰ।
নতুন দিনৰ ন-ন স্বপ্নৰছি
আহা আমি সকলোৱেই
যাওঁ আগবাঢ়ি হাতে-হাতে
হাত ধৰি
নৱ-বৰ্ষৰ ন-প্ৰভাতত
সুৰুযমুখি বাস্তবৰ ঠিকনা বিচাৰি।
শতবাৰ নতশিৰে কৰো স্বীকাৰ
বিদায়ী ২০২০ বছৰৰ বুকুত
অব্যক্ত বেদনাৰে পুষ্ট মোৰ
অন্তিম খন ডায়েৰী।