সপোন সপোন লগা এটি পৰিবেশ
মোৰ হাতত এখন কিতাপ!
কিতাপখনৰ লিখক মইয়েই!
মোৰ এখন কিতাপ ওলাব,
কিতাপখন উন্মোচন কৰিব,
এইবোৰ আছিল
অবাস্তৱ কল্পনা!
কিন্তু!
কল্পনা বাস্তৱ হ’ল|
সচাঁকৈয়ে আহি পৰিল
দুখনকৈ কিতাপ
মোৰ হাতলৈ!
কথা এষাৰ মনলৈ আহিছে,
“য’তে ইচ্ছা ত’তে বাট|”
মানুহৰ আন্তৰত ইচ্ছা জাগিলে
সমাধানৰ পথও মুকলি হয় |
ভগৱান প্ৰদত্ত প্ৰতিভা থাকিলে
ভগৱানেই বিকাশৰ পথ
আনি দিয়ে |
বহুত কল্পনা ,বহুত আশা
বুকুত বান্ধি সৃজনীশীলতাৰে
আগবাঢ়ি গৈছিলো
কৈশোৰৰ পৰা ;
সঞ্চিত কৰিছিলো সৃষ্টিৰাজি,
উৎসাহ নাছিল ,
মাত্ৰ অনুভৱক লিখিত ৰূপ দিছিলো
উকা কাগজৰ বুকুত ;
পৰিবেশ -পৰিস্থিতিত
অসম্ভৱ আছিল
এইবোৰ সকাৰ ৰূপ দিয়াৰ |
ভগৱানক মাত্ৰ
অভিযোগ কৰোঁ,” বিকশিত নোহোৱা
প্ৰতিভা দিছা কিয় ? “
ভগৱানৰ সুদৃষ্টি
আহি পৰিছিল ,
পঠাই দিলে মানৱৰূপী দূত
সৃষ্টি হ’ল অকল্পনীয় বাস্তৱ
যিটো সন্মুখত দেখিলে
অনুভৱ হয়
সপোনৰ আমেজ |