মোৰ প্ৰেমিকাক
আজিলৈকে মই লগ পোৱা নাই
শ্যামল বিমল বৰ্ণিল বাস্তৱত
তেওঁক দেখো
সোণোৱালী সপ্নৰ সুৰীয়া লহৰত
কথা পাতো শ্যমলীমা বতাহৰ
মধুৰ মূৰ্চ্ছনাময় মদিৰ তৰঙ্গত
দিগন্ত বুলীয়া আকাশত হিয়া থ’লেই
তেওঁ মোক প্ৰেম যাছে অধীৰ আৱেগত
কবিতাৰ কল্পতৰুহৈ উজ্বলি থাকে
অৰুনিম সুৰুজৰ দৰে মোৰ আত্মাৰ অন্তৰত
উজ্জিতাপ্ৰেম উন্নীত
এই প্ৰেম অতিপাত অনিবৰ্চনীয়
অতুল্য অমূল্য অমূৰ্ত্ত অনঙ্গ সৰ্বকালে
সূৰ্যৰ আলোকত