সুৰ সুৰীয়া
সৰু গলিটোৰে
সোমাই গৈছিলোঁ
তোমাক বিচাৰি।
শাৰি শাৰিকৈ থকা
সৰু জুপুৰিবোৰত
চকুত পৰিছিল
মাথো এটি সৰু পোহৰ।
বুকুখন খৰকৈ কঁপিছিল
এক অজান ভয়ত
ডিঙিটো শুকাই গৈছিল
থু-বোৰো নাইকীয়া হৈছিল।
তোমাক চিঞঁৰি
মাতিব খুজিও
মাতিব পৰা নাই
জানোছা কোনোবাই
শুনা পাই।
সৰু পোহৰত
তোমাৰ উগ্ৰ প্ৰসাধনৰ
মুখখন আৰু
অল্পবস্ত্ৰৰে ঢকা
বগা শৰীৰটো
চাব নোৱাৰিলো।
চকুদুটা মুদি
উভতি আহিলো
যোৱা বাটেৰে
ভাঙি টুকুৰা টুকুৰ হোৱা
এটি মনেৰে
আন্ধাৰ ভবিষ্যতৰ
আশংকাৰে।