নাই কোনোফালে
মানৱীয়তাৰ চিন,
পুৰুষৰূপে নিজকে
কৰিছোঁ বহুত ঘিণ।
নাই ল’ৰাৰ নীতি শিক্ষা
তেজত উতলা যৌনচেতনা,
দানৱৰ বিকল মগজুৰ
আৱেগিক উত্তেজনা।
পিতৃ মাতৃয়ে ল’ৰাক
নিদিয়ে কোনো সংস্কাৰ,
নিৰ্যাতন-ধৰ্ষণ আদিৰে
কৰে নাৰীক তিৰস্কাৰ।
ধৰ্ষণ আৰু হত্যাৰ
দিনক দিনে বৃদ্ধি,
যৌনক্ষুদাত শিশুকো নেৰে
ভ্রষ্ট পিশাসৰ বুদ্ধি।