নিয়ৰৰ টোপালৰ দৰে
হেঁপাহৰ আবিৰ সনা আশাবোৰ,
কচুপাতত ৰৈ নাথাকিল।
ওৰে নিশাটো উজাগৰে ৰ’লো
অসহায় জোনটিৰ দৰে
নিঠৰ ,নিৰৱ,নিস্তব্ধতাৰে।
টগ্ বগ্ কৈ বগাই উঠিল
হেঁপাহৰ আশাবোৰ
বুকুৰ মাজেৰে,
খামুচি খামুচি লতাবনৰ
আগলিৰ দৰে।
অবিচলিত অটল বিশ্বাসৰ দীপশিখা মই
অঙঠাৰ জুইত জ্বলি-পুৰি
অভ্যস্থ হৈ পৰিলো।
তথাপি নিশাটো যে শেষ নহ’ল
সুগন্ধি সুৱলা কপৌফুল নুফুলিল
বহাগৰ বহাগীও নাহিল,
মিছাতে মোক আশাৰ বাটত
শৰাই দিয়াৰ প্ৰতিশ্ৰুতি।
বিষাদবোৰৰ অপৰিসমাপ্তিৰ ঘোষণা
জয় পৰাজয়ৰ মঞ্চত
চলিছে অজ্ঞ অভিনয়
মিছা মায়াৰে মময়া মদিৰ দূৰ্বাৰ
জাগ্ৰত জগতখনত।
বিশ্বাসবোৰক প্ৰতাৰণা কৰি
লোতকেৰে সৃষ্টি কৰিলো
দূৰ্গম পাহাৰত অসংখ্য নিজৰা।
য’ত সাঁচি থৈ আহিছো
আগন্তুক প্ৰতিযোগীতাৰ
অংশ গ্ৰহণৰ প্ৰমাণ পত্ৰখন।
অসংখ্য শৈল্পিক সুন্দৰ শব্দ-গুটিৰে সজা
বিশ্বাসৰ পান্ডুলিপিখন
সেয়াই হ’ব মোৰ আত্মবলিদান আস্তীৰ্ণ
আত্মসন্তুতি অন্তৰ্নিহিত আত্মসন্মান
নৱ দিগন্তৰ নৱ জাগৰণ
উদন্ত পোহৰৰ নৱ পৃষ্ঠাত
নৱ ,নৱ যৌৱনৰ নৱ আলিঙ্গন।