আই!
কান্দি কান্দি
দুখ নকৰিবি তই,
বাঁহৰ চাঙৰ বিচনা খন
পাৰি থোৱা আছে
তাতে শুঁই থাক গৈ,
মুৰৰ তেল লাগি
গাৰুতো লেতেৰা হ’ল
বহু দিন ৰ’দত দিয়া নাই,
আঠুৱা খনো মলিন হ’ল
ধুই দিবলৈ নহ’ল।
জুঁই শালৰ জুঁইকুৰা
তোৰ চিনাকি আছিল,
ৰঙা চাহ বনাই
পিতাইক দিছিলি
কাঁহৰ বাতিত
প্ৰতি পুৱা সন্ধ্যা বেলা।
ৰাতিৰ শেষ প্ৰহৰত
ঢেঁকীত বানিছিলি ধান,
শাক পাচলিৰ লগত
জুলুকীৰে ধৰা মাছ
কাৱৈ গৰৈ
জুতি লগাই ৰান্ধিছিলি
উখুৱা চাউলৰ ভাত।
প্ৰতি পুৱা
গোৱৰ পেলাই
চিকুন কৰিছিলি
গৰুৰ গোহালি,
মকাল বাঁহৰ কৰীয়াঁত
খীৰাইছিলি গাখীৰ।
ভূঁই ৰুঁই পথাৰ
শুৱনি কৰিছিলি ,
কাঠ খৰিৰ জুঁইত
বনাইছিলি ভাত।
পোৰা মাছৰ পিটিকা,
শোকোতা খাৰ খাৰলি খৰিছা
খুটৰা মাটিকাদুৰি
পালেং লাই লফা
ভেকুৰি তিতা
ভোল জিকা জহা কোমোৰা
লাই বাবৰি শাক,
এই বোৰ পাচলি
বনাই দিছিলি আমাক।
ঔটেঙা কচু ঢেঁকিয়া শাক,
শ’ল পাভ পুঠি শিঙৰা চেনি কুঁঢ়ি
বিধ বিধ মাছ,
জুতি লগাই ৰান্ধিছিলি ভাত।
আই!
তই মোৰ অতি মৰমৰ ,
মই তোৰ পুত্ৰ আদৰৰ,
কাবৌ কৰিছোঁ মই,
দুখ নকৰিবি দেই।
পিতায়ে দুপৰীয়া
ভাগৰত ঘুঁমতি মাৰিছে,
জগাবলৈ ইচ্ছা যোৱা নাই
মই তোৰ কাষতে আছোঁ,
শুই থাক তই।
আই!
আমাক নিথৰুৱা কৰি
তই আতৰি গলি
কোনোবা অজান দেশলৈ,
তোৰ আত্মাই কষ্ট পাব বুলি
অন্তিম যাত্ৰাত
কন্দা নাছিলোঁ,
শোক লাগিছিল
দুখত মন ভাগিছিল
চকুপানী টুকিছিলোঁ,
লুকাই লুকাই।
আই!
তই শান্তি ধামতে থাক,
দুখ নকৰিবি দেই,
দেখা পাই থাকিবি মোক,
মনত ৰাখিম তোক,
স্নেহ যাচিবি মোক
আকাশৰ পৰা,
পাহৰি নাজাওঁ তোক
তই মোৰ মৰমৰ আই,
শীতৰ নিশা
নিচুকাই বহু কষ্টৰে
বুকুৰ গাখীৰ খুৱাই
ডাঙৰ কৰিছিলি মোক।
আই!
তই আজি
কোনোবা অজান ঠাইত,
গভীৰ প্ৰশান্তিৰে
শুই আছ শান্তি ধামত,
আজি তোলৈ পৰিছে মনত
শোকে খুন্দা মাৰি ধৰিছে,
পাহৰিব পৰা নাই
তোৰ দুখৰ জীৱন ,
শ্ৰদ্ধাৰে সোঁৱৰিছোঁ তোক,
ভক্তিৰে যাচিছোঁ সেৱা,
আজি এই পবিত্ৰ ক্ষণত।