মৰম এক সাংঘাতিক শব্দ
যাৰ অৰ্থ আৰু সাংঘাতিক৷
মৰমক নকৰি ভাগ
লওঁ এক কৰি৷
কিন্তু মোক যে কৰে
আনে পাৰ্থক্যৰ পাহাৰৰ
ইপাৰ সিপাৰ৷
এখন নদীত পানী বোৰ চোন একে
নোৱাৰো জানো আমি সেই মৰবোৰো
কৰিব একে৷
নদীৰ পানীবোৰ বৈ গৈ পৰে
বহল সাগৰত৷
আমিও মৰমবোৰ নকৰি ভাগ ভাগ
সকলোকে ভাল পাব নোৱাৰো জানো
কৰি আমাৰ হৃদয়খন সাগৰৰ সমান৷
আকাশখন চোৱা বিশাল কিমান
কৰাচোন তোমাৰো হৃদয়খন বিশাল৷
পাৰিবা তেতিয়াই সকলোকে কৰিব আপোন
অলপো মনলৈ নাহে পৰ নো বাৰু কোন?
পৃথিৱীত বিয়পিল মহামাৰীৰ কীটানু
আহিল সকলোৰে আশে পাশে
তেতিয়াচোন সকলো সমান৷
নাভাৱিবা কেতিয়াও কোনো নহয়
উচ্চ কোনো নহয় নীচ
আমি বোৰ সদায় আমিবোৰেই
হৈ থাকোচোন৷
নোৱাৰিম জানো হৈ থাকিব আমি
মানুহৰ গুণ গৰিমা লৈ,
দেখাত মানুহৰ ৰূপ লৈ
গুণ যদি নাথাকে
মানুহ বুলি ভাৱিম কেনেকৈ?
সময়ৰ আহ্বানত দিন যায়
ৰাতি আহে নিতে নিতৌ
কত্তব্যৰ চিন থৈ যাওঁ
আহাচোন নৱপ্ৰজন্মই
চাব পৰাকৈ৷
মনত গোটোৱা মৰম
এসোপামান থকাতকৈও বেছি
সকলোকে আকোঁৱালি ল’ব পৰাকৈ৷