জুৰিয়ে কমলক বহুত মনে প্ৰাণে ভাল পাইছিল।তাই তাৰ এষাৰি মাত শুনিবলৈ ব্যাকুল হৈ পৰিছিল। কিন্তু কমলে হয়তো তাইক ইমান ভাল পোৱা নাছিল।নাজানে তাইৰ তাৰ মনৰ কথা।সি তাইক সঁচাকৈ ভাল পাইছিল নে বেয়া লাগিলে নতুবা অকলশৰীয়া অনুভৱ কৰিলে তাইৰ লগত টাইম পাচ কৰিবলৈ অতি আপোন ভাৱে কথা পাতিছিল।
তাই তাৰ মৰমত ব্যাকুল হৈ বহুত অন্ত:কৰণেৰে ভাল পাইছিল।তাই আবেগতে তাক কেতিয়াবা কৈ পেলাইছিল তোমাক বহুত ভাল পাওঁ বুলি। সঁচাকৈ তোমাক মই ভাল পাওঁ প্ৰাণতকৈও বেছি।এই কথা শুনা পাছত কমল বহুত দিন তাইৰ লগত কথা বতৰা নপতাকৈ থাকে।আকৌ ঘপককৈ পাহৰাই পাহৰাই মাজে মাজে আহি তাই লগত কথা পাতে।তাইৰ লগত বহুত আপোন ভাবে কথা পাতে আকৌ বহুত দিনলৈ কথা বতৰা নপতাকৈ অন্তৰ্দ্ধান হৈ থাকে। এনেদৰে হয়তো তাইৰ লগত দুবছৰ মান সময় পাৰ হৈ যায়। তাই হৈ পৰিল এপাহি মৰহা ফুলৰ প্ৰতিমূৰ্ত্তি।
কিন্তু তাই দেখোন পাহৰিব নোৱাৰে সেই ভাল পোৱা।তাই নিৰৱে কান্দে কাকো একো ক'ব নোৱাৰে। এনেদৰে সময় বোৰ পাৰ হৈ যায়। অৱশ্যে পাছলৈ তাই মনক সংযত কৰি কেৱল বন্ধুত্বৰ ভাৱৰ সমন্ধৰে বান্ধ খাবলৈ যত্ন কৰে।
এতিয়া তাই দুখ কৰি সময় পাৰ কৰিব নোখোজে।তাই উপলব্ধি কৰে ভগৱানে তাইক কিয় মনুষ্য ৰূপে পৃথিৱীলৈ পথালে?কেৱল খাই বৈ সুখ ভোগৰ আনন্দত মত্ত হৈ জীৱনটো অতিবাহিত কৰিবলৈ নে অন্য কিবা কৰি জীৱন উদ্ধাৰ কৰিবলৈ? নাই তাই আৰু সময় অবাবত পাৰ কৰি কেতিয়াও লক্ষ্য বিহীন ভাৱে অযথা সময় কটাব নোখোজে ।তাই দৃঢ় সংকল্প কৰে ইতৰ প্ৰাণীৰ দৰে জীৱনটো বিষয় সুখত শেষ নকৰি সকলোকে মৰমৰ এনাজৰীয়ে বান্ধি ৰখাৰ মানসৰে প্ৰতিজ্ঞা বদ্ধ হৈ জগত কল্যাণৰ সন্ধানত সন্ধানিত হ'ব বিচাৰে তাই।
তাই আজি মনটো বহুত প্ৰফুল্ল কিয়নো তাই কমলক তাইৰ শেষ মনৰ সিদ্ধান্ত জনাই দিলে।তাই আজি পলে পলে বিচাৰি পালে মৰহা ফুলৰ সুবাস ।মুক্ত মনে শুকুলা ডাৱৰৰ পৰশ বুটলিবলৈ এৰি দিলে দুহাত আকাশলৈ।