ধেমাজি বুলিলেই নাভাবিব
কেৱল বাৰ মাহে বানত ডুবি থাকে,
নাভাবিব কোনো ঐতিহাসিক ঠাই নাই বুলি
আন আন ঠাইবোৰ চাবলৈ যোৱাৰ দৰে
আহিবচোন এবাৰ
চাই যাব, চাওল্যুং চ্যুকাফাৰ
পদ কমলত গঢ় দিয়া
আহোম আৰু অসমীয়াৰ ঐতিহ্য
হাবুং মন্দিৰ।
নতুন সপোন বিচাৰি
নতুন সৃষ্টিৰ বাবে সেৱা ল’ব,
এবাৰ আহকচোন
মৰমেৰে আপোনাক বেঢ়ি ধৰিব।
ধেমাজিলৈ যদি অহা নাই আহকচোন এবাৰ
হাবুংৰ লগতে ঘুগুহা দ’লত
এগছি বন্তি জ্বলাব
পদুমনি থানত এভাগি শৰাই দি
হনুমান মন্দিৰত মনৰ সিদ্ধি বিচাৰক
বাহিৰে বাহিৰে মালিনী থান আৰু
ৰুক্মিণী মন্দিৰলৈও যাওঁক।
বৰলুইতৰ পাৰত আপোন জনৰ
সৈতে সৌন্দৰ্য উপভোগ কৰি
বগীবিল দলঙ পাৰ হৈ
মধুৰতম সপোন ৰঁচক।
পাৰিলে ধেমাজিলৈ আহকচোন এবাৰ।
আঘোণ মাহৰ সোণালী পথাৰ
সৰিয়হ ফুলেৰে ভৰপূৰ শীতৰ স্নিগ্ধ সুৱাস
মানুহৰ মনবিলাক বৰ কুমল
খুব সোনকালেই আপোন কৰিব পাৰে
জিয়াঢলৰ পাৰত,,মৰিধল পাহাৰৰ কাষত
গাই নদী, চিমেন নদীৰ কাষত
প্ৰীতিৰ এসাঁজ খাই দিম আপোনাৰ লগত।
মাত্ৰ আহকচোন এবাৰ
ধেমাজিৰ হাবুংলৈ।
পানী পানী কৈ থকা
ঠাইডোখৰত বুকা যদি বিচাৰি পায়,,
তেতিয়া ক’ব কিমান পানী হয়
দেখি যাব কেৱল নীলা নিভাঁজ মৰম।
আলি আয়ে লৃগাঙৰ নৃত্য দেখি
যৌৱনা গাভৰুৰ প্ৰেমত পৰিব,,
ঐনিতমৰ সুৰ শুনি
মৰমীয়া ডেকা জনৰ কাষ চাপিব
বিহু গীতৰ তালত
কঁকালত টঙালি বান্ধিবলৈ মনযাব
চাবচোন মৰমে আপোনাক বান্ধি পেলাব
কি নাই ধেমাজিত
সাহিত্য, শিক্ষা, সংস্কৃতি,মঠ-মন্দিৰ আৰু মৰম
সকলো আছে
পাৰিলে ধেমাজিলৈ আহিব এবাৰ
আন নাপালেও মৰম পাব
পুন্য পাব, সপোন দেখিবলৈ সাহস পাব।
মন গ’লে ধেমাজিৰ হাবুংলৈও আহিবচোন এবাৰ।