মই উৰি ফুৰা
উৰন্ত পক্ষী,
মোক জানো গছৰ ডালত
বিচাৰি পাবানে সখী?
মোৰ হতে
যদি খোজা উমলিব,
মোৰ সমানে সমানে
তুমিও উৰিব লাগিব।
ৰাখিব নালাগে মোক
ভুৱা প্ৰতিশ্ৰুতিৰ শলাগত,
জীৱিত তেতিয়ালৈকেহে
যেতিয়ালৈ আছোঁ আকাশত।
উৰা থামিলেই
ডেউকা সৰিব,
মৃত্যুৰ জলন্ত বহ্নিক
সাৱটিব লাগিব।