মই পৃথিৱীয়ে কৈছোঁ
হৈ আধুনিক মানৱ
আকাশৰ বুকুত উৰিব পাৰি
পাহৰি পেলাইছা মোৰ অস্থিত্ব
মোৰ বুকুত উদযাপিত কৰিছা
তহঁতৰেই মৃত্যুৰ আখৰা।
মোক খান্দিছা, মোক নাঙঠ কৰিছাঁ
আৰু কিমান যান্ত্ৰনা দিবা।
মোৰ সেউজীয়া দেহাটোত
ক’লা ছাই সানি দিলা
মই উশাঁহ ল’ব নোৱাৰা হৈছোঁ
দিনে নিশাই চলিছে মোৰ বুকুত
তহঁতৰ নিষ্ঠুৰ হাতৰ হাতুৰীৰ কোব।
শান্তিৰে শুঁৱ নোৱাৰোঁ হৈছোঁ
বায়ু,পানী আৰু বতাহ
চৌদিশে প্ৰদুষনৰ মহাসাগৰ
এনেকৈ আৰু কিমান দিন?
নীলা আকাশ খনেও কান্দি উঠে
মোৰ যন্ত্ৰনাৰ জীয়াঁ ছবি দেখি
মোৰ বুকুৰ সেউজীয়াবোৰ
ঘুৰাই দিয়া আৰু মোক উশাঁহ ল’বলৈ দিয়া
মই পৃথিৱীয়ে কৈছোঁ।