মই কবিতা লিখো
কবি হোৱাৰ মানসেৰে নহয়
মই কবিতা ভালপাওঁ
এই কাৰণেই
ছন্দময়ী কবিতাৰ স্পন্দনে
মোৰ বাবে কঢ়িয়াই আনে
নীৰব প্ৰেম,হাঁহি-তামচা,আৰু
শান্তিৰ বতৰা।
মোৰ অন্তৰৰ পূঞ্জীভূত বেদনাৰাশিক,
সৌন্দয্য-সুষমাৰে মহত্ব প্ৰদান
কৰে কবিতাই।
অগ্ৰজ কবিসকলৰ কবিতাৰ
পংক্তিবোৰে মোৰ হৃদয়তো
কবিতা সৃষ্টিৰ বীজ ৰোপন
কৰিছিল।
মোৰ প্ৰতি শব্দত হেৰাই যাব
খোজা বৰ্ণমালাৰ আখৰবোৰ
হয়তো বা এদিন জিলিকি
উঠিব কবিতাৰ ৰূপেৰে
আপোন জনৰ হৃদয়ত।
মই কবিতা লিখো
মোৰ কবিতাৰ কোনো ছন্দ নাই,নাই কোনো দাৰি -কমা।
তথাপিওঁ
তথাপিওঁ এপাহ খৰিকাজাই হৈ ফুলি ৰ’ব মোৰ আশাৰ বাগিছা খনত।
নিশাৰ বতাহ জাকত খৰিকাজাইৰ সুগন্ধই দি যাব
প্ৰাপ্তিৰ বতৰা।
হৃদয়ে,হৃদয়ে ঝংকৰিত কৰিব
মোৰ কবিতাৰ জোকাৰণি।