আপুনি বাৰু প্ৰেমত পৰেনে?
যদি পৰিছে
প্ৰেমৰ বাবেই আপুনি সাঁতুৰিছে মৰমৰ বিশাল সাগৰ
প্ৰেমত পৰিছে বাবেই উৰিছে, মন আকাশৰ শুকুলা ডাৱৰ
কাৰ প্ৰেমত পৰে আপুনি?
আপুনি কিন্তু ভুলটো মোৰ দৰে অন্ধ প্ৰেমিক নহব,
ভুলটো নেযাব মোহ মোৰ দৰে সেউজীয়াৰ ৰূপত।
আপুনি জানেই
মই জাতিংগাৰ পৰিভ্ৰমী প্ৰেমিক চৰাই
মই সেউজীয়াৰ আজন্ম প্ৰেমিক।
সেয়ে মই বুজি পাওঁ সেউজীয়াৰ দলিচাৰ মহাত্ম্য
তাত আপুনি অলপ ভুল গলেই দিব লাগিব
সেউজীয়াৰ জুইৰ শিখাত
মোৰ দৰে প্ৰান আহুতি।
কিয় জানে,
যেতিয়া মই প্ৰেমত পৰোঁ,দুচকুত কেৱল আঁকি লওঁ
সেউজীয়াৰ এখনি নিৰ্ভেজাল ছবি।
সেউজীয়া প্ৰেমিকাই হাতবাউল দিয়ে মোক সূদুৰৰ পৰা,
বুকুত জ্বলে মিলনৰ অনল
আৰাধানা চলে দাবানলৰ কুচকাৱাজ,
অ ‘সেউজীয়া জাতিংগা, এবাৰ সাবটি ধৰা মোক তোমাৰ কোমল বুকুৰ মাজত।
আহ্ কি উমাল তোমাৰ পাৰ্থিব শৰীৰ,
দেইপুৰি নিয়া মোক অ’ মোৰ প্ৰেয়সী সেউজীয়া জাতিংগা,
হয় যদি হওক মৃত্যু মোৰ তোমাৰ সুকোমল কোলাত,
মই যে তোমাৰ ৰূপৰ সৌন্দৰ্য প্ৰিয়াসী আত্মজাহী পৰিভ্ৰমী পক্ষী,
জাতিংগা,তোমাৰ বুকুৰ মৰমত মই জাহ যাব খোজো।
ছাই হ’ব খোজো, ধোঁৱা হ’ব খোজো,
তথাপিও, তথাপিও
আপোনাক মই কোনোকালে এনে প্ৰেমিক সজাব নোখোজো
যি মোৰ দৰে ভাল পাই পাই কেৱল
ভালপোৱাৰ বাবেই উৎসৰ্গিত কৰে জীৱনৰ অনিৰূদ্ধ গতি,
পৰিচয় মাথোঁ মোৰ এটি
মই জাতিংগাৰ নিৰ্দয় আত্মজাহী পক্ষী।