কোন দিশে ঢাপলি মেলিছে
অসমীয়া ভাষা সংস্কৃতি
অনুভৱে মোৰ বুকুত বিন্ধিছে
কি ৰূপ লব এদিন নিজৰ সংস্কৃতি
হেৰাইছে আপোনতাৰ ভাৱ
নাই আন্তৰিকতা
নাই সেই মাদকতাৰ সোৱাদ
প্ৰতিযোগিতা কেৱল আধুনিকতাৰ

মৰমৰ মা গৈ মামী,ম”ম হ’ল
দেউতাও হ’ল পাপা,ডেডী ইত্যাদি
এখোজ দুখোজ কৈ আগমন
বিদেশীৰ সংস্কৃতি

ভূলবোৰ কাৰ কবযে নোৱাৰো
নগণ্য জ্ঞানৰে বুজাই দিবও নোৱাৰো
কাৰণ মই যে তুচ্ছ

কিন্তু মই মোৰ ভাষা সংস্কৃতিক
কেতিয়াও হেৰাই দিব নোৱাৰো

মই অসমীয়া আৰু অসমীয়া
হৈ থাকিব বিচাৰো
নালাগে কাৰো চাৰ্টিফিকেট
মই যে অসমীয়া
চিৰ চেনেহী মোৰ ভাষা জননী
আই অসমী ৰ কোলাতে
এদিন বিলীন হব বিছাৰো।

“জয় আই অসম”

Related Posts