অ’ পাহাৰ!
তোৰ ৰূপ দেখি
দুঃখ লাগি যায়;
তোৰ আগৰ বিনন্দীয়া ৰূপ
সমূলি নাই |
সেউজী পাতেৰে ভৰা
সুন্দৰ গছবোৰ
ম্লান পৰি গ’ল;
আগৰ সৌন্দৰ্য নোহোৱ হ’ল|
তোৰ ওপৰত চলিল
জীৱশ্ৰেষ্ঠ মানৱৰ
তাণ্ডৱ লীলা |
তোৰ উদৰজাত
ডাঙৰ ডাঙৰ গছত পৰিল
চোৰাংবেপাৰীৰ আক্ৰোশী হাতোৰা |
খানি-কুৰুকি কৰি পেললে
বিভৎস|
পাহাৰ কাটি কাটি ঘৰৰ ওপৰত
ঘৰ সাজি সাজি
নিঃশেষ কৰিপেলাইছে
তোৰ বক্ষ |
লালসাত উদ্মাদ নৰপিশাচহঁতৰ
দয়া নাই ,ক্ষমা নাই|
কেৱল লাগে টকা আৰু টকা |
টকাৰ খকে
মানুহক অমানুহ বনালে,
মাতৃৰ প্ৰতি মমতা হীন হৈ
চলাই গৈছে কেৱল
তাণ্ডৱ আৰু তাণ্ডৱ!