বাপতি সাহোন চেনেহৰ মাঘৰ বিহুটি আদৰাৰ নিমিত্তে ৰিমিয়ে পিঠাপনাবোৰ সামৰি ভাগ ভাগকৈ সজাই পৰাই ভৰাই থৈ দিলে৷ হঠাৎ হৈচৈ লাগিল। পদূলিমুখলৈ বুলি ৰিমিয়ে খৰখেদাকৈ গৈ দেখিলে ৰাস্তাত মানুহ জমা হৈছে। হুলস্থূল পৰিৱেশ। মানুহবোৰ দৌৰাদৌৰি কৰিব ধৰিলে৷ কোনোৱে ক’লে মূৰত পানী অকণ দে ৷বহুৱাই আউজাই ধৰ তাক৷ ৰিমিৰ বুকুখন ধপধপ কৰিব ধৰিলে৷ কাৰবাৰ যে কিবা এটা হৈছে ৰিমিৰ বুজিব বাকী নাথাকিল৷ সেয়ে তাই ভীৰৰ মাজলৈ আগুৱাই গৈ দেখি এটি চিৎকাৰ কৰি অচেতন হৈ পৰিল৷
কোনোৱে ৰিমিক মূৰ আৰু মুখত পানী দিলে৷ হাত ভৰি মালিচ কৰিলে৷ ৰিমিয়ে বুজি পালে তাইৰ একমাত্ৰ পুত্ৰ যে মেজিৰ জুঁই দিবলৈ গৈ গাড়ীৰ খুন্দাত বাচি নাথাকিল৷ সেয়ে প্ৰচণ্ড শোকৰ খুন্দাত তাই ঢলি পৰিল।
Ambulance এখনত মাক পুতেকক একেলগে দুজনমানে হস্পিতাললৈ বুলি লৈ গ’ল৷ৰিমিৰ বাটত চেতনা আহিল কিন্তু পুত্ৰৰ চেতনা ঘূৰি নাহিল লগতে জীৱটোও হেৰাই থাকিল৷ মাকে পুত্ৰৰ বিয়োগৰ শোকত বিহ্বল হৈ চিঞৰিবলৈ ধৰিলে-“দীপ তই চিৰকাল নুমাব নোৱাৰাকৈ মেজিত দিবলগীয়া জুঁইকুৰা দপদপকৈ জ্বলিবলৈ মোৰ বুকুতে দি থৈ গ’লি৷ যি জুঁয়ে মেজি নহয় মোক জ্বলাই ছাঁই কৰিব৷ বছৰি মাঘৰ বিহুত যিমান মেজি জ্বলিব সিমানে মোৰ বুকুখন পুৰি ছাঁই হ’ব৷”
এতিয়া মাঘৰ বিহুৰ প্ৰাকক্ষণত ৰিমিৰ বুকুত জ্বলি উঠিছে মেজিৰ জুঁইকুৰা৷ প্ৰতিবছৰেই মাঘৰ বিহুটি আহিলেই ৰিমিৰ বুকুৰ জুঁইকুৰা বৰ গাঢ়কৈ ৰঙা হৈ জ্বলি উঠে৷