সুপ্ত দুনয়নে মৌন দুটি ওঁঠৰ ভাষাৰে
কিনো বুজাব খোজা আহি অজানিতে নিৰৱে৷
আঁশাৰে পানশৈত হেঁপাহৰে কাৰেংটিত
ৰচিলো হাজাৰটি মায়াভৰা সপোন গোপনে৷
ফাগুনৰে উন্মনা বাউলি মলয়াই ৰং সানিলে
পলাশৰে ৰংঙত উতলা হৈ প্ৰেমৰে আবিৰ হৃদয়তে৷
আধৰুৱা প্ৰণয় বাটতে তুমি মোৰ হ’লাহি সাৰথি
জ্বলি শেষ হ’ব খোজা মোৰ বিভীষিকা চাকিটিক দুহাতে ধৰি কলিজাতে৷
বিছৰা নাছিলোঁ কদাপিতো মদাৰৰ ৰংঙতে পাগলী হৈ তোমাৰ প্ৰেমৰ শলিতা গছি জ্বলাম বুলি নিস্তব্ধে৷
বিছাৰিছিলোঁ কৃষ্ণচূড়াঁৰ তুলবুলীয়া ৰঙীন সমাহাৰে জিলিকাই তুলিম আমাৰ শ্বাশত প্ৰেমক চিৰযুগমীয়া কৰি নিশব্দে৷