আকাশৰ নীলাবোৰ
যদি নাইকীয়া হয়
হওঁক।
সাগৰৰ পানীবোৰ
যদি শুকাই যায়
যাওঁক।
পৃথিৱীখন যদি
ধ্বংস হয়
মহা প্ৰলয়ত
হওঁক।
তথাপি তুমি মোৰ
মনৰ চুকতে থাকিবা
চিৰদিন।
তুমি মোৰ
হিয়াৰ আপোন
কলিজাৰ টুকুৰা।
কাৰণ
তুমি মোক
তোমাৰ কোষত
স্থাপন কৰি
পৃথিৱীলৈ আনিলা।
তোমাৰ বুকুৰ
এসাগৰ মৰমৰ উমেৰে
পালন কৰিছা মোক
যতনেৰে।
সেয়েহে মাতৃ
তুমি অনন্যা
তুমি দয়াশীলা
তুমি সহনশীলা।