শীতৰ সেমেকা আবেলি, ৰাজপথৰ একাষত,
গাঁত ফটা-চিঙা কাপোৰ, ৰঙা নয়ন যোঁৰ,
আগত এটি থাল, গাল মূখ শতৰা,
দুৰ্বল তন থৰ থৰে কপিছেঁ।
বিলাসী গাড়ীৰ ধোৱা, ধূলি-মাকতি,
পথিকৰ বেকা চাওঁনীয়ে,
আমনি কৰা নাই ককাক, ধন্য।
ককাৰ শেতাঁ ওঁঠত হাঁহি বিৰিঙাবলৈ,
লগত নাই এটকা।
ভিৰ যাত্ৰীৰ সুজগ লৈ,
সৃস্টিকৰোঁতাই কাৰোবাৰ হাতত দিলে,
টকাৰ বেগটো,
দুৰ্দশা সহিৱ নোঁৱাৰি।
ধন্য তোমাৰ লিলা।
উপায়হীন হৈ, সন্মুখত শিলাস্তম্ভৰ দৰে ৰ’লো।
থৰ থৰ মাতে দুচকুত অশ্ৰু নিগৰাইছে।
গাঁৰ গৰম চোলাটো খুলি,
কনোমতে,
ককাৰ হাতত তুলি দি আঁতৰিলোঁ।
ককাৰ শেতাঁ ওঁঠযোৰত হাঁহি বিৰিঙিছে নে?
এবাৰ ঘুৰি চাবলৈ সাহস নহ’ল।