শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ
এটি জনপ্ৰিয় গান
মানুহে মানুহৰ বাবে
যদিহে অকনো নেভাৱে
অকনো সহানুভূতিৰে
ভাবিব কোনেনো কোৱা।
আমি সদায় সকলোৱে এজনে আনজনৰ কথা
ভাবিব লাগে। আমি এজনে আনজনৰ দুখ/সমস্যাবোৰক নিজৰ সমস্যা বুলি সমাধান কৰিব লাগে। যদি আমি সকলোৱে আনৰ
দুখ/সমস্যাবোৰ নিজৰ সমস্যা বুলি ভাবি সমধান কৰো তেতিয়া হয়তো এদিন সকলোৰে জীৱনৰ পৰা দুখ আতৰি যাব । মানুহে মানুহৰ বাবে …… চিন্তা কৰিব লাগে ।
ধনী , দুখীয়া বুলি নাভাবি আমি সকলোৱে মানুহ বুলি ভবা উচিত।
দুখীয়া মানুহজনৰো বহুত আশা থাকে । দুখীয়া মানুহৰো সৰু বৰ সপোন থাকে । দুখীয়া মানুহজনৰো ভালদৰে দুসাজ ভাত খাবলৈ মন যায় ।
সমাজত বহুত মানুহ আছে যিয়ে আনক সহায় কৰি ভালপায় , আনৰ দুখৰ সমভাগী হৈ ভালপায় । কিন্তু সমাজত এনেকুৱাও কিছুমান মানুহ আছে , যিবোৰ মানুহে নিজৰ মাক দেউতাককো বৃদ্ধাশ্ৰমত থয় , নিজৰ লৰা ছোৱালীকো অনাথ আশ্ৰমত থয় । কিন্তু তেওঁলোকৰ ভুল কি ? সদায়েই এজনৰ আনজনৰ বাবে মৰম/ভালপোৱা থকা উচিত । মানৱতাক আমাৰ মনৰপৰা হেৰাই যাব দিব নালাগে ।
পৰাপক্ষত সকলোকে নিজৰ বুলি ভাবি সহায়
কৰিব লাগে । আমি সকলো মানুহেই মানুহৰ বাবেই …..
. জীয়াই থাকিব লাগিব।
জীৱনত দুখ নাথাকিলে সুখৰ উপলদ্ধি কৰিব নোৱাৰি । কিন্তু জীৱনটোত অত্যন্ত দুখতো সুখ উপভোগ কৰিব লাগে।