মা
এতিয়াও সাৰে আছো মই
হৃদয়ত ম্মৃতিৰ সমাধি
প্ৰতিটো পল, অনুপল
হৃদয়ত বাজি উঠা হাহাকাৰ
কৰুণ বিননী
কিদৰে বুজাওঁ মই নিজকে নিজে।
জীৱৰ সৃষ্টি আৰু মৃত্যু
উপলদ্ধি কৰো মই, বুজো মই
পামজানো সেই শুদ্ধ মৰম স্নেহ
পূজা ,বিহু,জন্মদিনৰ উপহাৰ
হিয়া ভৰা আশীৰ্বাদ।
তুমি মিছাতে কৰা খং অভিমানৰ
স্মৃতিত বিলীন হৈ
মই সাৰে আছো এই দুভাগ নিশা।
অশ্ৰুৰ নৈ সহিব নোৱাৰি
এন্ধাৰ বন্ধ কোঠালিত
নিজানত অকলশৰে চকুলো টুকিছো।
চিঞৰি কান্দিব নোৱাৰি
উচুপি উঠিছো।
তুমি যেন অকলশৰে দুৰ বহুদুৰত ৰৈ
মোলৈ চাই আছা স্নেহৰ দৃষ্টিত।
তোমাৰ অবিহনে মোৰ যে
টোপনি নাহে মা
মই সাৰে আছো
শুব পৰা নাই অ মা
শুব পৰা নাই অ মা।