মমতাৰ সাগৰ
মাঁ তোমাৰ হিয়া,
তোমাৰ আঁচলত
মোক ক্ষন্তেক জিৰাব দিয়া।


বিশ্বৰ সৰ্ব যন্ত্ৰণা
আঁকোৱালি মৌনতাতে,
জীৱনৰ সৰ্বোচ্চ ত্যাগ
দিয়া সন্তানৰ হিতে।


যদিও আকাংক্ষাই
চুৱে নীল গগন,
মাঁ সর্বদা
সন্তান সুৰক্ষাত মগন।


সন্তানৰ চেনেহ
মাঁৰ অমূল্য উপহাৰ,
দেৱী স্বৰূপা মাঁয়ে
ত্যাগে সমস্ত সংসাৰ।


হে মাঁ আদিশক্তি,
যিমানো কৰোঁ
তোমাৰ ভক্তি;
অতুলনীয় তোমাৰ অভিব্যক্তি।


বিফলতাই তল পেলাবলৈ
যিমানে কৰক বাধ্য,
প্ৰেৰণা সাহসে উজ্জ্বলো
পায় তোমাৰ সান্নিধ্য।


মাঁ আত্মিক সৌন্দৰ্যৰ
অপৰাজিত সম্ৰাগী,
মাঁ হাৰা জীৱন
সবাতোকৈ অভাগী।


সকলো নাৰীৰ
মাতৃত্বৰ বাসনা উত্তম,
মাঁ-সন্তানৰ সম্পৰ্ক
ব্ৰহ্মাণ্ডত পবিত্ৰতম।

Related Posts