নিৰ্মল কোমল প্ৰকৃতিৰ ওপৰত
এখন সম্পূৰ্ণ আকাশ,
উদিত সূৰুযৰ পোহৰ আছিল
কিন্তু ৰ’দ নাহিল।
নীলাবোৰ ডাৱৰেৰে ঢাক খাই থাকিল।
বৰষুণত তিতাৰ হেঁপাহত
আকাশলৈ চাই ভাগৰি পৰিল;
ৰ’দ বৰষুণৰ অভাৱত
সেউজীয়াবোৰ হালধীয়া হ’ল।
প্ৰকৃতিৰ বুকুত শিল গজিল!
শিল খহটা আৰু শুকান হৈ পৰিল।
আবেলি সময়ত পশ্চিম আকাশৰ পৰা
বৰষুণ আহিব বিচাৰিছে।
বতাহে উৰুৱাই নিনিলে,
বৰষুণৰ বহল বক্ষত তিতি
বেদনাবোৰ যাব বৈ।