এই শুনানা কথা এটা তোমাৰ দুকান পাতি ৷
তোমাৰ ভালপোৱা পৰাই বেছিকৈ পৰিলো কবিতাৰ প্ৰেমত ৷৷
মোৰ আকোৰগোঁজ মনোভাৱৰ ভুৰভুণীক দিয়া জোকাৰি ৷
ওফোন্দ পাতি থকা দুগালত ধৰি ঘোপাকৈ চাই দিয়া মোহাৰি৷৷


তোমাৰ মনৰ পছন্দৰে আনি যে দিছিলা গুলপীয়া শাৰীখন৷
গোলাপৰ ফুলেৰে অংকন কৰি থোৱা আছিল আচঁলখন৷৷
পিন্ধিছিলো অতি হেপাঁহেৰে মেৰিয়াই দেহত সৰস্বতীৰ পূজাত৷
নিজকে অতিব সুন্দৰী দেখিছিলো সেইদিনা আইনাৰ আগত৷৷


পৰেনে মনত তোমাৰ কলেজৰ কেম্পাচৰ কৃষ্ণচূড়া জোপালৈ৷
বহিছিলোঁ শীতল বতাহচাটিত তল সৰা কৃষ্ণচূড়াৰ ফুলৰ মাজত৷৷
গুলপীয়া শাৰীখনে উতলা কৰিছিল বুলি কৈছিলা তোমাৰ বুকুত৷
লাজতে মৰহি গৈছিলোঁ গুলপীয়া কৰি মোৰ দুগালক তোমাৰে হৃদয়ত৷৷


শুধিছিলো মই লাজ, লাজ কৈ তুমি বাৰু মোৰ অৱিহনে আনক দেখা নে ধুনীয়া৷
কেতিয়াবা দেখো দুচকু জপাই অতিব সুন্দৰীক কাক, জানানে মাথোঁ তোমাক৷
আসঃ চকুহালি জপাই দিছিলোঁ এক আনাবিল সুখত তোমাৰ প্ৰেমৰ সুভাসত ৷৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *