চকুত চকু থৈ—–
বাৰে বাৰে
আমনি কৰে!
মোৰ হৃদয়ৰ——
এটা কোণত বন্দী
চিনাকী মুখৰ সেই
অচিনাকী মানুহ জন।
বাৰে বাৰে বিচাৰে——
মোৰ সেই আছুতীয়া
সান্নিধ্য ।
জুখিব বিচাৰে——-
তুলনাহীন মোৰ সেই
সুকোমল হৃদয়খন ।
তেওঁৰ দুহাতৰ পৰশত——-
মোৰ জীপাল কলিজাটো
জুই হৈ জ্বলিছে,
ধোঁৱা হৈ উৰিছে
মোৰ কেঁচা তেজৰ
চেকুৰা বোৰ ।
এতিয়া মোৰ——-
হৃদয়ত হাহাকাৰ,
একলহ পিয়াহৰ
নিৰ্মল পানীৰ হেঁপাহ।